পার্থ বিজয় দাস
আচম্বিতে অহা ঘূর্ণিবতাহ এজাকে ৰুদ্ৰমূর্তি ধাৰণ কৰি গাঁৱৰ মাজেৰে মাতঙ্কৰ দৰে ঢপলিয়াই
ফুৰিবলৈ ধৰিলে। অনাকাংক্ষিত ঘূর্ণি বতাহজাকে তাৰ সমূখত য’তে যি পাইছিল মোহাৰি মেলি সকলো এফালৰ
পৰা উৰুৱাই লৈ গৈছিল। প্রকৃতীৰ এই সংহাৰী ৰূপ দেখি গাঁৱৰ শংকিত, অসহায় লোকসকলে দৈনন্দীন
জীৱনৰ প্ৰয়োজনীয় কাপোৰ-কাণি-সা-সামগ্ৰীবোৰ যিমান পাৰি খৰখেদাকৈ সামৰি লৈ নিৰাপদ স্থানত গৈ
আশ্রয় ললে।
গাঁৱৰ মধ্যস্থানত অৱস্থিত আমাৰ উপ-স্বাস্থ্যকেন্দ্ৰ খনৰ মই কাম কৰা কোঠাটোৰ এখন খিৰিকীৰ ফ্ৰেমৰ
মাজেৰে প্ৰকৃতীৰ এই পৰিঘটণাটো প্ৰত্যক্ষ কৰি আছিলোঁ। প্রকৃতীৰ এই তাণ্ডৱ দেখি মই বেগেৰে কোঠাৰ পৰা
ওলাই আহি মটৰ চাইকেল পার্কিংলৈ আহিলোঁ। দেউতাৰ ককালৰ বিষ হোৱাৰ পিছৰে পৰা গৰু দুহাল চোৱা-
চিতা দায়িত্ব মোৰ ওপৰতে পৰিছে। সেয়ে ধুমুহা বৰষুণ অহাৰ পূৰ্বেই গৰু কেইটা চপাই আনি গোহালিত
ভৰাবহি লাগিব।
যোৱা কিছুদিন ধৰি সঘনাই আহি থকা ধুমুহা-বৰষুণে গাঁৱবাসীক জীয়াতু ভুগাইছে। পাহাৰত বৰষুণ হৈ
থাকিলে ভৈয়ামলৈ নামি অহা পানীয়ে প্রথম এই গাঁৱখনকে আক্ৰমণ কৰে। পাহাৰৰ পাদদেশত অৱস্থিত এই
গাঁওখন বছৰৰ অধিকাংশ সময় প্রকৃতীৰ স’তে সংঘৰ্ষ কৰি থাকোতেই পাৰ হয়। পূৰ্বে এনে পৰিস্থিতি কাচিৎহে
হৈছিল। নদন-বদন আছিল গাঁওখন। কিন্তু বিগত দুটা দশকত পাহাৰত নির্বিচাৰে বনাঞ্চল ধংস কৰা বাবে এই
অসহণীয় পৰিস্থিতিৰ সমুখিন হ’ব লগাত পৰিছে প্ৰতিজন গাঁওবাসী। সীমাহীন লালসা-বাসনাৰ পৰিণতি
এদিন যে প্রত্যেকেই ভোগ কৰিব লাগিব সেই কথা কাৰোৱেই আৰু ভাবিবলৈ সময় নাই। মানুহৰ অন্তৰাত্মা
যেন কিবা এক নীৰৱ সংঘবদ্ধ আসুৰীক শক্তিয়ে কব্জা কৰি পেলাইছে। কৰোবাত পঢ়িছিলোঁ নে কোনোবাই
কৈছিল: The Greatest trick the Devil ever pulled was convincing the world he
didn’t exist
মটৰ চাইকেলখন ষ্টাৰ্টৰ্কৰি উপ-স্বাস্থ্যকেন্দ্ৰৰ চৌহদৰ পৰা বাহিৰ ওলাবলৈ লওতে কোনো ব্যক্তি এজন
মোৰ ফালে যেন বেগাই আগবাঢ়ি আহিল। তেওঁ হাত জোকাৰি জোকাৰি মোক ৰবলৈ ক’লে। এনে দুৰ্য্যোৰ্গৰ
সময়ত কাৰোৱেলৈ আৰু ৰৈ থাকিবলৈ সময় নাই। সেয়ে ব্যক্তিগৰাকীক উপেক্ষা কৰিবলৈ চেষ্টা কৰি মটৰ
চাইকেলৰ গতী বৃদ্ধি কৰিলোঁ। মোৰ এই কাৰ্য্যত তেওঁ অসহায়ৰ দৰে হৈ পৰি থিতাতে ৰৈ দিলে। তেওঁ মোৰ
নাম ধৰি চিঞৰিব ধৰিলে আৰু ৰবলৈও ক’লে। উপায়ন্তৰ হৈ আকাশলৈ চালোঁ- এবাৰ ব্যক্তিগৰাকীলৈ –
দুৰ্য্যোগৰ সময় – ৰৈ দিলোঁ মই। আমাৰ কামটোৱে হ’ল ৰৈ থকা।
তেওঁ আহি মোৰ কাষ পোৱাত মুখখন ভালদৰে লক্ষ্য কৰিলোঁ। কাৰণ তেওঁ বাঁহ-বেটৰ জাপি এটা
পিন্ধি আছিল। জাপিৰ তলত তেওঁৰ সহজ-সৰল মুখখন জিলিকি উঠিল। তেওঁক চিনি পালোঁ— উত্তৰফালৰ
মথাউৰিৰ কাষৰ গাঁওখনতে তেওঁক লগ পাইছিলোঁ। জনজাতী অধ্যুসিত সেই অঞ্চলটো মোৰ কাম পৰিসৰৰ
ভিতৰত পৰিছিল। তেওঁ অস্থিৰ হৈ পৰা অৱস্থাতোেক শান্ত কৰিবলৈ কান্ধত হাত এখন থৈ অভয় প্ৰদান কৰিবলৈ
চেষ্টা কৰি সুধিলোঁ, ‘কওঁকচোন — কি কথা – বতৰ বেয়া হৈ আহিছে।
প্ৰত্যুত্তৰত তেওঁ ক’লে, ‘মোেক চাগৈ পাহৰিলে – মায়াৰ মৌ- মাখি ফাৰ্মত কাম কৰোঁ- মই বকুল
কাই – ধৰিব পাৰিছেনে এতিয়া । ফাৰ্মতে প্রথম লগ পাইছিলোঁ আপোনাক।’
মায়া শব্দটো শুনি এপলক ৰৈ গলোঁ – সময় আৰু হৃৎপিণ্ডও যেন ৰৈ গ’ল। চাৎকৈ এচমকা পোহৰ
জ্বলি উঠিল মন দিগন্তৰ অচিন কোণত। ব্যগ্ৰ হৈ ক’লো, ‘হয়- হয়— চিনি পাইছোঁ কি অসুবিধা হ’ল বাৰু?’
তেওঁ ইতিমধ্যে পূর্বতকৈ বহুখিনি প্রকৃতস্থ হৈ পৰিছিল। ক’লে, ‘মায়াৰ মাকৰ অৱস্থা খুবেই বেয়া —
জ্বৰ -বমিয়ে এৰা দিয়া নাই আজি দুদিনমান ধৰি। তেওঁ মোৰ মুখলৈ চাই ৰ’ল।
মই পূৰ্বেও মায়াৰ মাকক এনেধৰণৰ অসুখ-বিসুখৰ বাবে চেলাইন – বেজী আদি দি প্রাথমিক চিকিৎসা
কেবাবাৰো কৰিছো। জ্বৰ আৰু ডায়েৰীয়া Chronic ৰ দৰে হৈ পৰিছিল। দুৰ্বল মাকৰ মায়াৰ বাহিৰে আৰু
যতন লওতা কোনো নাছিল। দেউতাক মায়া কণমানিজনী হৈ থাকোতেই ঢুকাইছিল। প্রথম মাকক চিকিৎসা
কৰিবলৈ যাওতে মায়াক লগ পোৱা। মায়াৰ এখন মৌ-মাখিৰ ফাৰ্ম আছে – এবাৰ এনেদৰে আহোতে মায়াই
মৌৰ ফাৰ্মখন দেখুৱাবলৈ লৈ গৈছিল । তেতিয়া বকুল কাই ক লগ পাইছিলো।
গাজি গুমৰি বৰষুণ এজাক যেন গাঁৱৰ ফালে ঢপলিয়াই আহিব ধৰিলে। সময় ব্যয় নকৰি বকুল কাইক
অকণমান ৰবলৈ কৈ চাই গৰু কেইটা চপাই আনিবলৈ পথাৰৰ পিনে মটৰ চাইকেল পোনালোঁ।
ক্ষিপ্ৰতাৰে কামখিনি সমাপ্ত কৰি, বকুল কাইক মটৰ চাইকেলৰ পিছফালে বহাইলৈ মায়াহঁতৰ গাঁৱৰ
দিশে যাত্ৰা আৰম্ভ কৰিলোঁ। ইয়াৰ পৰা তিনি-চাৰি কিল’মিটাৰ মান হ’ব গাওঁখনৰ দূৰত্ব। পথৰ অৱস্থা তথৈবচ।
হঠাৎ বিশালকায় প্ৰাচীৰ ড্ৰামৰ দৰে গুম্মাই বাজি উঠিল আকাশ। বিপৰীত ফালৰ পৰা তীব্ৰ বেগত বতাহ
ববলৈ আৰম্ভ কৰা বাবে ভাৰসাম্য বজাই ৰাখি মটৰ-চাইকেল চলাবলৈ কষ্ট হৈছিল। চেঁচা বতাহজাকে চকু-
মুখত কাইটৰ দৰে বিন্ধিছিল। মটৰ চাইকেলখনৰ অৱস্থা বৰ এটা সুবিধা জনক নহয়। ভাবিলো, ৰৈ দিও নেকি?
ঠিক তেতিয়াই বকুলকাই মাত দিলে, ‘মোক ফার্মত নমাই দি গ’লেই হ’ল- যোৱা ৰাতিৰ ধুমুহাই মৌ
মাখিবোৰৰ বহুখিনি অনিষ্ট কৰিলে।
কিয়? কি হ’ল বাৰু? মই উদগ্রীব হৈ সুধিলোঁ।
ধুমুহাই বহুকেইটা মৌৰ বাহ ভাঙি পেলাইছে। ৰাণীজনী বিচাৰি উলিয়াবগৈ লাগিব- মায়াহে ৰাণী
ধৰাত পাকৈত।’ বকুল কাইৰ কথাত প্ৰচ্ছন্ন হতাশা।
ৰাণীজনী দেখাত কেনেকুৱা – অলপ বেলেগ নেকি বাৰু
- অলপ বেলেগ নেকি বাৰু?
‘একেই – সেইবাবে দিগদাৰ।
‘যদি একেই, ৰাণীজনী কিয় ৰাণী?’ ধেমালিৰে সুধিলোঁ।
বকুল কাই চাগে’ মোৰ কথাটো নুশুনিলে। তেওঁ মৌন হৈ থাকিল। মই পুনৰ একো নুশুধিলোঁ। তেওঁ
হয়তো ক্লান্ত। মায়াকে সুযোগ পালে সুধিব লাগিব ‘ৰাণী’ জনীৰ কথা।
বকুল কাইক ফার্মত নমাই থৈ মায়াৰ ঘৰলৈ দ্রুত গতীত মটৰ চাইকেল চলাবলৈ আৰম্ভ কৰিলোঁ।
বতাহৰ প্ৰকোপ কিছু শাম কাটিছে। ধুমুহাই বহু পুৰণি গছ কিছুমান ভাঙি পেলাইছিল। টোকোৰা চৰাইৰ ভঙা বাহ
আৰু মৃত চৰাইৰ পোৱালী কিছুমান যেনি তেনি হৈ পৰি থকা দৃষ্টিগোচৰ হ’ল।
বকুল কাইক ফার্মত নমাই থৈ অকণমান দূৰ অতিক্ৰম কৰাৰ পিছত কেইটামান বৰলে আহি মোক
আগুৰি ধৰিলে। মুখৰ একেবাৰে কাষলৈ আহি মোক বিন্ধিবলৈ উদ্যত হ’ল। এনেধৰণৰ অভিজ্ঞতা পূর্বেও হৈছে
এবাৰ। সেইবাৰো মায়াৰ মৌ মাখিৰ ফাৰ্মখনৰ পৰা ওলাই অহাৰ পিছতেই এনে অভিজ্ঞতা হৈছিল। কিবা যেন
কাকতালীয় সংযোগ আছিল সেইটো। সোণবৰণীয়া বৰল কেইটা দেখি অন্তৰাত্মা কঁপি উঠিল। সৰুতে বৰলৰ
বাহত জুই দি বৰলৰ টোপেৰে মাছ ধৰিছিলোঁ। মৌ মাখিৰ দৰে বৰলেও চাক সাজে কিন্তু যথেষ্ট সৰু আৰু
নিস। মায়াই এবাৰ কথা প্রসঙ্গত কৈছিল- মৌ মাখিয়ে হেনো এবাৰ দংশন কৰিলে সেই দংশন কৰা মৌ
মাখিটো থিতাতে মৰি যায় কিন্তু এটা বৰলে ত্ৰীশ বাৰলৈ দংশন কৰিব পাৰে – মানুহ মাৰি পেলাব পাৰে।
মটৰ চাইকেলৰ গতি বঢ়াই দি বৰল কেইটাৰ পৰা কথমপি বাছি আহি মায়ৰ ঘৰৰ চৌহদ সোমালোঁ।
ইমান পৰে গহীন -গম্ভীৰ হৈ থকা আকাশখন প্ৰচণ্ড শব্দ কৰি গৰজি উঠিল। আকাশৰ দূৰ কোণত চাৎকৈ
বিজুলীৰ পোহৰ চোকা তোৰোৱালৰ দৰে চিকমিকাই জিলিকি উঠিল। সন্ধিয়ালৈ এতিয়াও যথেষ্ট সময় বাকি
আছে যদিও ঘণ-ক’লা মেঘৰ প্রকোপত সকলো এন্ধাৰময় হৈ পৰিল পুনৰ।মটৰ চাইকেলখন ষ্টেণ্ড কৰি দৰব আৰু সা-সৰঞ্জাম বেগখন লৈ কাঠৰ সৰু চিৰি এটাৰে উঠি মায়াহঁতৰ
চাংঘৰটো পালোঁ। এনেতে মায়াৰ মাকৰ কেঁকাই উঠা শব্দ আহি কাণত পৰিল।
ভিতৰ সোমাই দেখো বিছনা এখনত তেওঁ জঠৰ হৈ পৰি আছে। তেওঁৰ কাষলৈ গৈ তেওঁৰ হাতৰ
নাড়ি পৰীক্ষা কৰি উঠি ৰক্তচাপ পৰিমাপ কৰা যন্ত্ৰটো উলিয়াই ললো বেগখনৰ পৰা। স্টেথোস্কোপটো
মাকৰ শুকাই যোৱা বুকুখনত লগাই দি হৃৎস্পন্দনৰ শব্দটো কিছুপৰ শুনি থাকিলোঁ। কি এক অনাবিল ছন্দ—
স্পন্দনৰ। তেওঁ মোৰ মুখলৈ চাই এটা কৃতজ্ঞতা সূচক হাঁহি মাৰিবলৈ চেষ্টা কৰিলে। মোক দেখি তেওঁৰ
মুখখন যেন আশাৰে ভৰি পৰিল। ঠিক এইখিনি মুহূৰ্তৰ বাবেই এই কামটো কৰাৰ সাৰ্থকতা অনুভৱ কৰোঁ।
বিচনাখনৰ কাষতে থকা পাভটিখনত কেইটামান কেপচুল্ আৰু টেবলেট, এটা vicks, Ors ইত্যাদি বস্তৰে
ভৰা । পলম নকৰি জ্বৰ কমোৱা দৰৱ এটা তেওঁক খাবলৈ দিলোঁ। চেলাইন এটা প্রয়োজন হ’লে দিব লাগিব।
এনেতে চাংঘৰৰ তলত স্কুটিৰ শব্দ শুনিলোঁ। হয়, মায়া আহি পালে। কিন্তু মাকক এৰি থৈ কলৈনো
গৈছিল তাই? এনেকুৱা জটিল অৱস্থাত মাকক অকলে এৰি যোৱাতো উচিত নহয়। ক্ষুণ্ণ হ’লে তাইৰ
দায়িত্বহীনতাত।মায়াই দুহাতে দুখন মোনা লৈ আহি ঘৰ সোমালে। তাই ঘাঁমি – জামি একাকাৰ। মুৰৰ চুলি আউল-
বাউল। তাইৰ ডিঙিত নানা ৰঙৰ মনি- মুক্তা, কড়ি আৰু প্ৰাচীন মুদ্ৰাৰ এডাল মালা। তাই কলে ‘আপুনি আহিব
বুলি গম পাইছিলোঁ – সেয়ে…….। কথাষাৰ মায়াই সমাপ্ত নকৰিলে। তাই হয়তো মই ক্ষুন্ন হোৱা কথাটো
অনুমান কৰিছিল।
মই সমাপ্তি বিচাৰি সুধিলোঁ, ‘কলৈ গৈছিলা? এনেদৰে মাক এৰি থৈ – মই আহি নোপোৱাহেঁতেন?
‘চাৰিওফালে মথাউৰিবোৰ ভাঙিছে। বহুকেইখন গাঁৱৰ যোগাযোগ বন্ধ – খোৱা বোৱা বস্তুৰ বাবে
হাহাকাৰ। আমাৰ ইয়াটো পানী বাঢ়িছে- সেয়ে বজাৰ অলপ কৰি থলোঁ আগতিয়াকৈ – নহলে নাখাই মৰিব
লাগিব!’ স্বভাৱসুলভ সৰলতাৰে মায়াই ক’লে।
বেগদুখন থৈ মায়াই মাকৰ কাষলৈ গৈ তেওঁৰ অৱস্থাৰ বুজ ললে। মই ক’লো, ‘চেলাইন এটা দিব
লাগিব – খুবেই দুর্বল হৈ পৰিছে তেওঁ।’
‘হয়, দি দিয়ক – আজি আৰু আপোনাক মা সম্পূর্ণ সুস্থ নোহোৱালৈকে এৰি নিদিও।
খুব ধীৰ গতীৰে চেলাইনটো দিব লগা হৈছিল মাকক। কিয়নো তেওঁ যথেষ্ট দুৰ্বল হৈ পৰিছিল ইতিমধ্যে।
মই এজন তৃণমূল পৰ্য্যায়ৰ স্বাস্থ্যকর্মীহে মাথোন। বিভাগৰ পৰা প্ৰদান কৰা বেগখনেই মোৰ চিৰলগৰী। য’ত
গ্লভ, বেণ্ডেজ, গ্লুক’মিটাৰ, স্তেথোস্কোপ, ষ্ট্ৰেৰিলাইজাৰ আদি বস্তুবোৰ থাকে। আৰু কিছু সাধাৰণ দৰৱ। কোনো
দিনে একো হবলৈ নিবিচৰা মই যে এনেদৰে স্বাস্থ্যকর্মী হৈ গাঁৱে গাঁৱে ঘূৰি ফুৰিম সপোনতো ভবা নাছিলোঁ।
প্ৰথম অৱস্থাত ভাল লগা নাছিল যদিও এটা সময়ত কামটো খুব আপোন যেন লগা হৈ পৰিছিল। ৰুগীয়া,
যন্ত্ৰণাগ্রস্ত অসহায়- গাঁৱৰ মানুহবোৰৰ কাষত থিয় হৈ যিখিনি সম্ভৱ কৰিব পৰাটোৱে এতিয়া জীৱনৰ আৰ্শীবাদ
স্বৰূপ হৈ পৰিছে। ধীৰ গতিৰে নীয়ৰৰ টোপালৰ দৰে টোপা- টোপে সৰি পৰা চেলাইনৰ টোপালবোৰ চাই
ৰ’লোঁ মই।
হঠাৎ বৰষুণৰ তীব্রতা বৃদ্ধি পোৱা বাবে মায়া বেগা- বেগিকৈ চাংঘৰৰ তললৈ নামি গৈ প্রয়োজনীয় বস্তু
কিছুমান গোটাই লৈ আহিল। ক’লে, ‘চমৰাজানৰ মথাউৰি চিঙিছে, পানী সোমাইছে গাঁৱত। আপোনাক মটৰ
চাইকেলৰ চাবিপাত দিওক মই ওখ ঠাইত থৈ আহোগৈ।
‘মই আৰু বেচিপৰ নাথাকো – মা বহুখিনি নৰমেল হ’ল- চেলাইনো প্রায় শেষ…….।’
মায়াই সংশয়ৰে ক’লে, ‘এতিয়া কেনেকৈ যাব? চমৰাজান চিঙা বুলি কোৱা নাই জানো- এতিয়ালৈ
গাঁৱৰ ৰাস্তা বুৰি শেষ। বিপদ হ’ব পাৰে …… কষ্ট পাব আপুনি।’
কথাখিনি কৈ মোৰ পৰা চাবিপাত লৈ তললৈ হুৰমুৰকৈ নামি গ’ল। প্রচণ্ড বেগত বতাহ বলিছিল।সেই বতাহে নিষ্ঠুৰ ঘাটকৰ দৰে ঘৰৰ চাৰিবেৰত চাবুকে কোবোৱাদি কোব মাৰিছিল অবিৰাম। সঁচা অৰ্থত
এক অপ্রত্যাশীত বিপৰ্য্যৰ সমুখিন হ’ব ল’গাত পৰিল। কিছুপৰ পিছত বেগা বেগীকৈ মায়া আহি চাবিপাত
মোক গটাই দিলে। তাইৰ সাজ সজ্জা তিতি বুৰি পানী- পানী হৈ পৰিছিল। বৰ্যাসিক্ত তাইৰ দেহটো ছাঁ
পোহৰৰ মাজত প্রাচীন কোনো মায়াবী মানৱী যেন লাগিল। বৰষুণৰ সুবাস ছটিয়াই চুলিকোছা জোকাৰি-
জোকাৰি মোৰ একেবাৰে কাষ পালেহি মায়া। তাইৰ এখন হাতত বনেৰে সজা এডাল মালাত দহ বাৰটা
কাঁকৈ মাছ আৰু গগৈ মাছ দেখিছোঁ। সুধিলো ‘ইমান মাছ ক’ত পালা?’
বৰশী পাতি আহিছিলোঁ জানটোৰ মুখত। বৰলৰ টোপ্ দিছিলোঁ। তাই হাঁহি হাঁহি ক’লে, ‘বৰলৰ টোপ
পালে মাছবোৰ দুৰ্বল আৰু বুৰ্বক হৈ বৰশীত সহজতে বন্দী হৈ পৰে। মাছৰো আছে দুৰ্বলতা।’
‘হয় – চবৰে আছে দুর্বলতা – চবে কিবা নহয় কিবাহৰ টোপ পালে দুৰ্বল আৰু বুৰ্বক হৈ পৰে।’
আচলতে এইটো মাছৰ দুৰ্বলতা নহয়। মানুহৰ ত্ৰিক্— মানুহে যে ইমান ত্রিক জানে – ইমান চালাক
আমিবোৰ – এতিয়া বুৰ্বক হোৱাটোহে টান কাম। নহয়নে বাৰু?’
হয় কথাটো – কিন্তু আমি প্রত্যেকেই কিবা নহয় কিবাহৰ টোপ্ ইতিমধ্যে গিলি থৈছোঁ। আচ্ছা, মৌ-
মাখিৰ টোপেৰে মাছ মাৰি পাইছানে কেতিয়াবা?
মায়াই মুৰজোকাৰিলে আৰু দ্রুতখোজেৰে কাষৰ কোঠালৈ সোমাই গ’ল। কিছুপৰ পিছত তাই
বৰষুণত ভিজা কাপোৰ সলাই তাৰ ওপৰত ৰেইনক’ট এটা পিন্ধি তললৈ নামি গ’ল। মই তাইক অনুসৰণ
কৰিলোঁ যদিও তললৈ নামি নগ’লোঁ। তাই- নামি গৈ চোতাল পালেগৈ। চোতালত পানী বাঢ়িছিল ক্রমশঃ।
বাঢ়তী পানীয়ে কলাফুল স্পৰ্শ কৰিছিল মায়াৰ। তাই চাংঘৰৰ খুটা এটাত চকপেন্সিল এডালেৰে দাগ এটা দি
ওপৰলৈ উঠি আহিল। সুধিলোঁ, ‘দাগ দিলা যে – কিয়?
‘পানী কিমান বেগেৰে বাঢ়ে সেইটো গম পাই থাকিবলৈ ।
‘মই কিন্তু অযথা বান্ধ খাই গলোঁ। পানী বাঢ়িলে হয়তো কাইলৈও যাব নোৱাৰিম।’ আশংকা প্রকাশ
কৰি ক’লোঁ।
চিন্তা নাই – আমাৰ নাও আছে। নাৱেৰে থৈ আহিম। এতিয়া ব’লক ভিতৰলৈ —– কিবা এটা বনাই
খুৱাও মাক – যোৱা দুদিনে তেওঁ ভালদৰে একোকে খাব পৰা নাই।
মায়াই পটু হাতেৰে খৰধৰকৈ গৰৈ মাছৰ জোল আৰু ভাত ৰান্ধিলৈ মাকৰ কোঠালৈ আহিল। মাক-
পূৰ্বতকৈ বহুখিনি সুস্থিৰ। তেওঁক কেইগৰাহ মান ভাত খুৱাই দিলে মায়াই। মাকৰ অৱস্থাৰ অলপ হ’লেও উন্নত
হোৱা দেখি মনটো পাতল লাগিল। যাতনাৰ পৰা ক্ৰমে মুক্ত হ’বলৈ ধৰা অৱস্থাটো দেখিলে এক অনন্য
অনুভূটিয়ে মন পূৰ্ণ কৰি তোলে।
ইতিমধ্যে পানী হুৰহুৰাই বাঢ়ি আহি চাংঘৰৰ স্পৰ্শ কৰিবলৈ মাথো দুই-তিনি হাতমানহে বাকী থাকিল।
মায়াই চক্ পেন্সিলেৰে দাগ দি থকাৰ প্ৰয়োজন নহ’ল আৰু। ইতিমধ্যে মায়াৰ মাক ভাতখাই শুই পৰিছিল।
তাই দুই এটা কাম সমাপ্ত কৰাৰ পিছত দুয়ো পানীৰ অৱস্থা চাবলৈ বাহিৰলৈ ওলাই আহিলোঁ। হয়তো শুক্লপক্ষ
চলি আছে – সেয়ে আকাশ মেঘে ঢাকি থকাৰ পিছতো বাহিৰত নীলাভ পোহৰৰ ৰেশ এটা দেখিলোঁ। দূৰে
দূৰে থকা ঘৰবোৰত দুৰ্বল চাকিৰ পোহৰ তিৰ বিৰ কৰি উঠিছিল একোবাৰ। ক’ৰোবাত নিশাচৰ চৰাইৰ চিঞৰ
শুনিলোঁ। কেঁচুৱাৰ কান্দোনৰ দৰে আছিল সেই চিঞৰ। আমি থিয় দি থকাৰ পৰা কিছুদূৰেৰে বাঢ়তি পানীৰ
ঢৌৱে ঢৌৱে শূণ্য নাও এখন উটি গৈ আছিল। নাচি-বাগি উটি গৈ থকা যাত্রীহীন নাওখন দেখি আচৰিত
হ’লো । বিপৰীত ফালৰ পৰা অহা ঢৌত খুন্দা খাই নাওখন থিতাতে ঘুৰি অন্য দিশে গতি কৰে একোবাৰে।
হঠাৎ চাকনৈয়া এটাৰ মাজত পৰি নাওখন ঘূৰিবলৈ আৰম্ভ কৰে। আজি বাঢ়তি পানীৰ সুযোগ লৈ প্ৰভূত্বৰ
বান্ধনৰ পৰা মুক্ত হৈ নাওখন হয়তো এনেদৰে ওলাই আহিছে । কোনে জানে তাৰ লক্ষ্য হয়তো মহাসাগৰ লৈ
গৈ থকা। যি হলেও নাচি- বাগি গৈ থকা স্বাধীন আৰু শূণ্য নাওখন সুখী আৰু মুক্ত যেন লাগিল। মুক্ত হলেইযেন সুন্দৰ হৈ পৰে সমস্ত।
চকুৰ আঁৰ হৈ পৰা নাওখনে যি নীৰৱৰ্তা এৰি গ’ল সেই নীৰৱতাই পানীৰ তৰংগৰ সতে যুগল বন্দী
কৰি এক অপৰিসীম সংগীতৰ সূচনা কৰিলে। কিয়েইবা উদ্দেশ্য এই পানীৰ, পানীৰ ঢৌবোৰৰ, তৰংগবোৰৰ….।
এই পানী গৈ এদিন সাগৰ পাব। হয়তো লুনীয়া হোৱাৰ বাসনাৰ বাবে সকলো পানী সাগৰলৈ গমন কৰে।
হয়তো সাগৰ পোৱা পূর্বেই বহুপানী শুকাই যায়। নীৰৱতা ভাঙি সুধিলোঁ, ‘তুমি হেনো মৌমাখিৰ ৰাণী বিচাৰি
উলিওৱাত পাকৈত?’
কোনে ক’লে – বকুল কাইয়ে ন’? তেওঁৰ পৰাই শিকিলোঁ চব- মৌৰ কথা- ৰাণী জনী বিচাৰি
উলিওৱা কথা। আচৰিত মানুহ তেওঁ।’
কিন্তু কেনেকৈ বিচাৰি উলিওৱা হাজাৰ বিজাৰ মৌৰ মাজত ৰাণী জনী? ৰাণী জনীয়ে মেইন ন’? মই
আগ্ৰহেৰে সুধিলোঁ।
‘এদিন দেখুৱাম আপোনাক – হয় ৰাণীজনীয়ে মেইন – কাৰণ এবাৰ ৰাণীজনী ধৰিব পাৰিলে মৌৰ
গোটেইখন ক’লনী দলখ কৰি লব পাৰি।’
আচা, মৌৰ ৰাণীজনী কেনেদৰে ৰাণী বুলি স্বীকৃত হ’ল।’
মায়াই মোৰ কথা শুনি এপলক নীৰৱে ৰ’ল । কিবা যেন ভাবিলে। ভয়ঙ্কৰ মেঘৰ গাজনীয়ে জোকাৰ
মাৰি দিলে সমস্ত। সৰু টিলা এটাৰ ওপৰত অৱস্থিত ফার্ম খন। কিছুমান ক্ষন সদায় সতেজ হৈ থাকে। প্রথম সেই
ফাৰ্মলৈ যোৱা ক্ষনটো আছিল তেনে এটা ক্ষন। তাই মৌমাখিৰ বিষয়ে বহু কথা কৈছিল সিদিনা। মায়াই প্রথম
তাইৰ ফাৰ্মখনলৈ লৈ যাওতে অনুভৱ হৈছিল তাই যেন মৌ মাখিবোৰক যথার্থ ভাবে জানে। তাই যেন মৌৰ
ভৰুণ চাক্ এখন অভ্যন্তৰত কঢ়িয়াই লৈ ফুৰে। মায়াই কৈছিল, ‘তথাকথিত সফল হোৱাত কৈ মৌ মাখিৰ
লগত মৌ মাখি হৈ থকাই মজাদাৰ কাম। তেতিয়া তাইৰ কথা ভালদৰে বুজি পোৱা নাছিলোঁ মই। স্তব্ধতা
ভাঙি কলো’, আৰু কোৱা কথা …….।
কোৱা।’
‘কি কথা?’ মায়াই নির্নিমেশ মোলৈ চাই সুধিলে।
‘মৌ মাখিৰ কথা – ৰাণীজনীৰ কথা
ৰাণীজনী কেনেকৈ ৰাণী হৈ পৰে – সেইবোৰ কথা
‘সেইটো সঁচাকৈ আমোদজনক কাহিনী, ‘মায়াই উৎফুল্লিত হোৱাৰ দৰে হৈ ক’লে, ‘মৌ মাখিৰ পৰা
লেটা ওলোৱা পিচত কেইটামান লেটাক ডাঙৰ কৰিবলৈ ‘ৰয়েল জেলি’ খুৱাই। সেইটো এটা বিশেষ ধৰণৰ
খাদ্য। বাকী মৌবোৰে তাৰ ভাগ কোনোপাধ্যই নাপায়। সেই ‘ৰয়েল জেলি’ খুওৱাৰ মাজৰ পৰা সক্ষম, উৰ্বৰ
ৰাণী এজনী বাচনি কৰে। আচৰিত মৌৰ মাখিৰ দুনিয়াখন।’
‘হয় সঁচাকৈ আচৰিত। কি থাকে বাৰু ৰয়েল জেলিত?’
মায়াই কোনো উত্তৰ নিদিলে। তাই গহীন হৈ বহি ৰ’ল। কেইটামান লহমা পিচত তাই ক’লে, ‘ৰয়েল
বস্তুৱে থাকিব ৰয়েল জেলিত।’
মই ধেমালিতে ক’লো, ভোক লাগিছে বহুত মোক ৰয়েল জেলি নহয়, ৰয়েল খানাহে খুৱাব
লাগিব- তোমাৰ ভোক লগা নাইনে?’
তাকেই মই ক’ব খুজিছিলোঁ ইমান পৰে – কিযে লেকচাৰ মাৰি আছিলোঁ। কথাষাৰ সম্পূৰ্ণ কৰি
পাকঘৰলৈ বুলি খোজ দিলে মায়াই।
মই মায়াৰ মাকক এবাৰ পৰীক্ষা কৰিলোঁ। তেওঁ নিদ্রাচ্ছন্ন। যোৱা কেইদিন তেওঁ হয়তো যাতনাৰ
বাবে ভালদৰে টোপনি মাৰিব পৰা নাছিল। প্ৰকৃততে চিকিৎসক আৰু ঔষধতকৈ যাতনা পিষ্ট ব্যক্তিক কেতিয়াবা
অন্য কিবা এটা লাগে। সেয়া হ’ল অলপ হৃদয়ৰ উমাল স্পর্শ, আশ্চাস, বিশ্বাস – এই অনুভূটিবোৰ দৰৱতকৈ
অধিক শক্তিশালী – যিটো আজিকালি দুর্লভ হৈ পৰিছে। এনেতে মায়াৰ মাত শুনিলোঁ – তাই পাকঘৰলৈ মাতিছে মোক।
পাকঘৰ পাই দেখো মায়াই অথনি লৈ অনা মাছকেইটা বাছিবলৈ আৰম্ভ কৰি দিছে। চোঁকা কটাৰিৰে
মাছকেইটাৰ বাকলিবোৰ এটা এটাকৈ ছেলাই উঠি পেট কেইটা ফালিবলৈ ধৰিলে। কটা-পেটকেইটা দুটা
আঙুলিৰে চেপি দিয়াৰ লগে লগে ভিতৰৰ পৰা তেজে-পূজে-ভুঁৰুৱে বস্তবোৰ বাহিৰ ওলাই আহিল। পেটুখিনি
উলিওৱাৰ পিচত প্রত্যেকতো মাছৰ কাণ কেইখন, ফিঁচা আৰু পাখিবোৰ নিপুনতাৰে কাটি পেলালে মায়াই।
শেষত মাছখিনি ধুই চাফা কৰি থকা সময়ত তাই ক’লে, ‘গৰৈ মাছ পুৰি, খাৰেদি পিটিকা বনাম – খায়নে
পোৰা মাছ?’
তাই মোৰ উত্তৰলৈ অপেক্ষা নকৰি মাছখিনিত হালধী নিমখ সানি ললে। তিনিটা গৰৈ মাছলৈ মাছকেইটাৰ
মুখেৰে লোৰ শলা এডাল সুমুৱাই দি জুইত পুৰিবলৈ আৰম্ভ কৰি দিলে। ক্ষণিকতে পোৰা মাংসৰ গোন্ধ আহি
নাকত লাগিল। মাছখিনি হয়টো অলপ গেলিছিল। ক’লো ‘মাছখিনি অলপ গেলা- গেলা গোন্ধাইছে যেন
লাগিছে……..।’
মায়াই ক’লে, ‘অলপ গেলিলেহে পিটিকা বেছি ভাল হয়।’
মাজতে কিছুসময়ৰ বাবে বৰুষুণ এৰিছিল। কিন্তু এইবাৰ যি আহিল পূৰ্বতকৈ দুগুণ তীব্ৰতাৰে আহিল।
বৰষুণৰ লগতে সমানে সমানে বিজুলী ঢেৰেকণী, দূৰৈত কোনোবাই কাৰোবাক চিঞৰি মতা যেন লাগিল।
পিচমূহূৰ্তত এক কাতৰ বিননিৰ দৰে শব্দই দুৰ্য্যোৰ্গৰ এই নিশাটো অধিক জয়াল কৰি তুলিলে। ইতিমধ্যে মায়াই
ভাত বাঢ়ি দিলে। দুয়ো জুহালৰ কাষত বহিয়ে খাবলৈ বহিলোঁ। গৰৈ মাছৰ পিটিকা আৰু কাৱৈ মাছেদি নল
টেঙাৰ আঞ্জা বনাইছিল। মায়াই গৰৈ মাছৰ পিটিকা অলপ মুখত দি তাৰ সোৱাদতো অনুধাৱন কৰিবলৈ চেষ্টা
কৰি মোক ক’লে, ‘কেনে হৈছে বাৰু পিটিকাখন । মই আজি কালি মাংস খোৱা বাদ দিছোঁ।
‘মাংস বাদ দিলা, কিয়? হাত দেখুৱাইছিলা নেকি জ্যোতিষীক?’ মই উদগ্ৰীৱ হৈ সুধিলোঁ।
‘নাই – নাই – তেনে কোনো কথা নাই। মই জ্যোতিষী তৌতিষী বিশ্বাস নকৰো।’
‘তেনেহলে মাংস কিয় বাদ দিলা?’ মই পুনৰ সুধিলো।
মায়াই দাঁতত লাগি ধৰা কাৱৈ মাছৰ কাইট এৰুৱাবলৈ চেষ্টা কৰি ক’লে, ‘ছাগলী পোৱালীবোৰ
দেখিছেনে ? কাণ দুখন যে ওলমী থাকে – ইমান মৰম লাগে। কেনেকৈ খাব পাৰি কওকচোন বাৰু। চকু দুটা
ইমান ধুনীয়া – কাজল লগাই দিয়াৰ দৰে – কেতিয়াবা একেথৰে চাই থাকো চকু দুটালৈ। আপুনিতো মাংস
খায়?
‘খাও – কানিবলে মই। হাঁহি হাঁহি ক’লোঁ।
‘নৰখাদক আপুনি – চেঃ – ভাবিলেই ভয় লাগে।’
মই কথা নবঢ়াই কাৱৈ মাছেৰে ৰন্ধা নলটেঙাৰ জোলেৰে গো-গ্রাসে ভাত খাবলৈ ধৰিলোঁ। তাইও
খোৱাত মগ্ন। আৰু কি কথা পাতিম ভাবি নাপালোঁ। মায়াৰ স’তে অতিবাহিত কৰা পূৰ্বৰ এনে কোনো
আৱেগীক ঘটনা নাই যে যি পূণৰ উত্থাপন কৰি আবেগীক হৈ পৰিব পাৰি। ক’লো, ‘ভালেই কৰিলা মাংস বাদ
দি। আমিষ খোৱাসকল হেনো ‘ক্লাইমেট চেইঞ্জ’ ৰ বাবে দায়ী। মিথেন গেছ নির্গত হয়।
‘হয় বাৰু কথাটো। কিন্তু মাংস নোখোৱা মাছ খোৱা, মৌ খোৱা— মানে কি? হিপক্রেট…..।’
হাঃ – হাঃ —হা— কিবা ৰস পাই ও মায়াই হাঁহি দিলে। মই ঠিক অনুমান কৰিব নোৱাৰিলো
কিয়ইবা হাঁহিলে মায়াই। কিন্তু পিচমুহূর্ততে মৌন হৈ পৰিল। কিবা ভাবি ঘপহকৈ মোৰ বিপৰীত ফালে পিঠি দি
বহি ললে তাই। হঠাৎ কি হ’ল বাৰু মায়াৰ? এনেদৰে ঘূৰি বহিল কিয় বাৰু? আবেগীক ভাৱে আঘাট দিব পৰা
কিবা ব্যক্তিগত কথা কলো নেকি বাৰু অজানিতে। তাই উচুপি উঠা যেনো লাগিল এবাৰ। হয়তো সেয়া
ভ্রান্তিও হব পাৰে মোৰ। ময়ো মায়াক একো নকলোঁ। কেতিয়াবা কিবা কোৱাতকৈ একো নোকোৱাকৈ
থকাতো অধিক অর্থপূৰ্ণ হৈ পৰে। নীৰৱতা আশ্চৰ্য্যজনকভাৱে কমি গৈছে প্ৰতিজন ব্যক্তিৰ মাজৰ পৰা।নীৰৱতা আত্মাৰ টনিক্। নীৰৱৰ্তা ধংস কৰাৰোযেন এক ষড়যন্ত্র চলিছে চৌপাশে। নীৰৱৰ্তা কমি যোৱা মানেই
হাহাকাৰ বাঢ়ি যোৱা— হাহাকাৰ বাঢ়ি যোৱা মানেই যাতনা । যাতনা মানেই দুৰ্বল হৈ পৰা, দুৰ্বল মানেই
কৰ্তৃপক্ষৰ বাবে মানুহক নিয়ন্ত্ৰণ কৰা কামটো সহজ হৈ পৰা। নীৰৱৰ্তা আৰু শান্তি হয়তো এটা মুদ্ৰাৰে
ইফাল- সিফাল।
কিছুপৰ পিচত মায়া ঘূৰি লৈ পূৰ্বৰ দৰে মুখা মুখিকৈ বহি ললে। তাইৰ চকুহাল আর্দ্র যেন ভাব হ’ল।
কোনো ভূমিকা অৱতাৰণা নকৰাকৈ মায়াই স্বগোতোক্তি কৰাৰ দৰে কবলৈ ধৰিলেঃ আপুনি কোৱাৰ দৰে মৌ
খোৱাটো আৰু মাংস খোৱাটো একে নহলেও কোনোবা এক অদৃশ্য কোণৰ পৰা কথাটো একেই যেনেই লাগে।
আধা চামুচ মৌ জোল সৃষ্টি কৰিবলৈ এটা মৌ মাখিয়ে তাইৰ সমস্ত জীৱন শেষ কৰি পেলাই। অনাগত দিনৰ
বাবে সঞ্চিত মৌ মাখিৰ সেই সম্পদ – সেই মৌ চাকবোৰ ধোঁৱা দি, জুই দি, নানান ধৰণে অত্যাচাৰ চলাই
সেই সম্পদৰ ওপৰত হামলা দিও আমি — কোনে কৰিব এই অন্যায়ৰ প্ৰতিবাদ- কওঁক। উত্তৰ দিয়ক। মনে
মনে থাকিলে যে, মৌ মাখি এতিয়া বিলুপ্তৰ পথত – জানেনে কি হ’ব পাৰে ইয়াৰ পৰিণাম ? ক্রাইম
মাষ্ট পে’।
শেষৰ ফালে মায়াৰ কথাবোৰ ভাষণ দিয়া যেন লাগিল। পাকে- প্ৰকাৰে যেন তাই মোকেই জগৰীয়া
কৰিব বিচাৰিছে কিবা এক অজ্ঞাত কথা লৈ। হিপক্ৰেট্ শব্দটো কোৱা বাবেই হয়তো মায়া ক্ষুন্ন হৈছিল মনে
মনে। মই শান্ত স্বৰত ক’লো, ‘মাছ ধৰিবলৈওতো বৰলৰ বাহ বোৰ জ্বলাই দিও- স্মক জ্বৰলৰ টোপেৰে মাছ
ধৰোঁ। বৰশীত লাগি মাছৰ কোৱাৰি ফাটি তেজ নোলাই জানো?’
মায়াই মোৰ কথাৰ কোনো প্রতিক্রিয়া প্রকাশ নকৰিলে। এনে লাগিল যেন তাই মোৰ কথাখিনি
উপেক্ষা কৰিছে।’
মই পুনৰ ক’লো, ‘Holywood ৰ এগৰাকী প্রসিদ্ধ অভিনেতাই মৌ মাখিৰ অস্তিত্ব বজাই ৰাখিবলৈ
ডাঙৰ প্ৰকল্প কিছুমান চলাই আছে- গম পোৱানে কথাটো?
‘নাই- গম নাপাও Holywood বাদ দিয়ক মই আজিলৈ জন্মৰ পৰা মাত্ৰ দুখন চিনেমা চাইছোঁ।
‘অ’, হয় নেকি? কোন দুখন চিনেমা?’
‘এক ডুজে কে লিয়ে’ আৰু নদীয়া কে পাৰ।’
‘বাঃ দুইখনেই ছুপাৰ হিট্ চিনেমা- কোন খন ভাল লাগিল বাৰু?
‘এক ডুজে কে লিয়ে।’
‘কিয় আনখন বেয়া নেকি?’
‘দুইখনেই ভাল কিন্তু ‘এক ডুজে কে লিয়ে’ সাংঘাটিক প্ৰেমৰ কাহিনী। নায়িকা গৰাকীৰ নায়ক জনৰ
ফটো এখন মাকে খঙেৰে জ্বলাই দিয়া পিচত, নায়িকাই জ্বলাই দিয়া ফটোৰ ছাইখিনি চাহত মিহলাই খাই
দিয়ে— আচৰিত কাৰবাৰ— আছেনে সঁচা কৈ এনেকুৱা প্রেম?’ মায়াই একেলেঠাৰিয়ে কথাবোৰ কৈ গৈ
থাকিল।
এনেদৰে কথা চলি থাকোতে কিবা এক গেলি-পচি যোৱাৰ উৎকট গোন্ধ এটা আহি নাকত লাগিল।
পলকতে চাৰিওফালে বিয়পি পৰিল গোন্ধটো। গোন্ধটো ইমানেই তীব্র আছিল যে আমাৰ উশাহ-নিশাহ
লবলৈও কষ্ট হৈছিল। ক’ৰ পৰা কিহৰ গোন্ধ আহিছে একো উমান লগাব নোৱাৰিলোঁ। থিতাতে খোৱা-বোৱা
সামৰি বাহিৰলৈ ওলাই আহিলোঁ। বৰষুণ পূৰ্বতকৈ কমিছে।
দুয়ো এন্ধাৰৰ মাজেৰে নিৰীক্ষণ কৰিবলৈ চেষ্টা কৰিলো- দুগোন্ধতোৰ উৎস ক’ত হব পাৰে। দূৰে
দূৰে ঘৰবোৰ। ক্ৰমবৰ্দ্ধমান পানীৰ মাজত চাংঘৰবোৰ চলমান ক্ষুদ্র ক্ষুদ্র দ্বীপ যেন লাগিল। ভিতৰত মায়াৰ
মাকৰ কাহৰ শব্দ শুনিলোঁ। তেওঁ মায়াক মতা যেন লাগিল। দুয়ো তেওঁৰ কাষলৈ দৌৰি অহা দি আহি দেখো
তেওঁ চিন্তিত হৈ বহি আছে। আমাক দেখি তেওঁ পানী খাবলৈ বিচাৰিলে। জ্বৰ আছেনে নাই পৰীক্ষা কৰি চালোএবাৰ। মায়াই আনি দিয়া পানী গ্লাছ খাই দুর্বল কণ্ঠেৰে ক’লে, ‘ইমান দুৰ্গন্ধ ওলাইছে- কৰ’বাত গাহৰি
মৰিছে চাগৈ মৰা গাহৰিৰ গোন্ধ। উঃ কি দিন আহিল, ওকালি আহিব এতিয়া ………।’
তেওঁক চিন্তা নকৰি শুই থাকিবলৈ পৰামৰ্শ দিলোঁ। তেওঁ নাকত গামোচা মেৰিয়াই বান্ধি ললে।
গোন্ধটোৱে মগজুত ধৰিছিল। বাহিৰলৈ ওলাই আহি যিমান পাৰি থুৱাই গোন্ধটোৰ পৰা পৰিত্ৰাণ পোৱাৰ বৃথা
চেষ্টা কৰিলোঁ। দুৰ্গগোন্ধটো নাকেৰে সোমাই গৈ তেজৰ প্ৰতিটো কণিকাত বিয়পি পৰিল— এনে লাগিল
যেন নিজ দেহৰ পৰাই গোন্ধটো নিৰ্গত হৈছে। মায়াই নাকটো ঢাকি গামোছা এখন বান্ধিলৈ মোকো এখন
গামোছা দিলে। মায়াই টর্চ লাইট এটা জ্বলাই চাৰিওফালে পোহৰতো ঘূৰাই ঘূৰাই চাবলৈ ধৰিলে। মই টৰ্চটো
মায়াৰ পৰা লৈ সূক্ষ্মভাৱে নিৰীক্ষণ কৰি দেখিলোঁ কিছুদূৰত বজ্রপাত পৰি উভালি পৰা বৃহৎ গছ গছনিৰ মাজত
কিবা বিশালকায় বস্তু এটা আহি লাগি ধৰিছিল। ঘৰটোৰ পৰা গছজোপাৰ দূৰত্ব অনুমানিক দহ বাৰ মিটাৰ মান
হ’ব। টৰ্চৰ পোহৰৰ তীব্রতা কম বাবে স্পষ্ট প্রত্যক্ষ কৰিব পৰা নগ’ল প্ৰকৃততে বস্তুটো কি হ’ব পাৰে। বস্তুটোৰ
আকাৰ – আৱয়ব অনুমান কৰিবলৈ চেষ্টা কৰি পালো এইটো কোনো মৃত জন্তুৱেই হ’ব। হয়তো জন্তুটো মৰা
কিছুদিন পাৰ হৈছে- সেয়ে ইমান দুর্গন্ধ ওলাইছে। পাহাৰৰ মেথুন মৰি ভাহি ভাহি আহিলে নেকি বাৰু? কিন্তু
মেথুন যেনো লগা নাই। ছাঁ- পোহৰৰ মাজেৰে বস্তুটো একোবাৰ জলহস্তী যেনো লাগে। জন্তুটো গেলি
পচি অস্বাভাৱীক ধৰণে ফুলি উঠিছিল। ঢৌৰ মাজত জন্তুটো একোবাৰ পানীত সম্পূৰ্ণ ডুব গৈছিল আৰু
পিচমূহূৰ্ত্তত পুনৰ উঠি আহিছিল। স্পষ্ট একো অনুমান কৰিব নোৱাৰি মায়াক সুধিলো, ‘দেখিচানে জন্তুটো —
কি হ’ব পাৰে বাৰু?’
‘এনেকুৱা আকাৰৰ জন্তু এই অঞ্চলত কাহানিও দেখা দেখা মনত নপৰে মোৰ – একে থৰে যদি চাই
থাকে জন্তুটো বিশাল গঙাটোপ যেনো লাগে।’
‘মোৰ কিন্তু বেছি জলহস্তী যেন লাগিছে।’
ঠিকেই কৈছে- এতিয়া কি কৰা যায়- এনেদৰে থাকিলে ওলাকি মৰি যাব লাগিব। বায়ু বিষাক্ত হৈ
পৰিছে। উশাহ বন্ধ হৈ যাব এনেদৰে থাকিলে। মায়াই সংশয়ৰে ক’লে।
ইমান বিশাল জীৱটো গছৰ দালত ইমান বেয়াকৈ বন্দি হৈ পৰিছে যেই নিজে নিজে ওলাই যাব
নোৱাৰে— গৈ তাক গুছাব লাগিব। দিনৰ পোহৰত কথাটো বেলেগ। এই দুৰ্য্যোৰ্গৰ সময়ত প্রতিজন ব্যক্তি
নিজৰ জীৱটো হাতত লৈ নিশাটো পাৰ কৰিছে। এনেহেন অৱস্থাত কাৰোবাৰ পৰা সহায় আশা কৰাটো অবাস্তৱ
কথা। মায়াক ক’লো, ‘সময় ব্যয় কৰি লাভ নাই- তুমি যদি নাও চলাব পাৰা মই যেনেকৈ হওক তাক মুক্ত
কৰিম। পাৰিবানে নাও চলাবলৈ তুমি?’
কিয় নোৱাৰিম। আমি মাৰ পেটত থাকোতেই নাও চলোৱা শিকি আহো। পানীৰ পোক আমি।
মায়াই কথাষাৰ কৈ ভিতৰলৈ সোমাই গ’ল যদিও ক্ষণিকতে গামোছা এখন ককালত বান্ধি ওলাই
আহিল। মায়াই মোক টর্চটো জ্বলাই লবলৈ ইংগিত দিলে। টর্চটো জ্বলাই তাইৰ পিচে পিচে পোহৰ দেখাই
গ’লো। তাই এটা ঢুকত থৈ দিয়া বঠা এপাট উলিয়াই ললে। বঠাপাট লৈ খুটা এটাত বান্ধি থোৱা নাওখুলি খুব
সাৱধানে গৈ তাতে বহি ললে। মই ও গৈ নাওত বহিলোঁ। আঠ দহ জন মানুহ বহিব পৰা আকাৰ আছিল নাও
খন। দুয়ো নাওৰ দুইমূৰে বহি লৈছিলো বাবে দুয়োৰে মাজত ব্যৱধান আৰু আন্ধাৰ বাঢ়ি গল হঠাতে। নাওত
বহাৰ লগে লগে মায়াই নাও জুৰি দিলে। যাত্ৰা আৰম্ভ হোৱাৰ লগে লগে মনত এক মৃদু শংকাৰ সৃষ্টি হ’ল। চেঁচা
বতাহ আৰু টোপ টোপে বৰষুণৰ টোপাল আহি দেহত স্পৰ্শ কৰিলে। কেতিয়াও এনেধৰণৰ পৰিস্থিতিৰ
সমুখিন হৈ পোৱা নাই মই। নীৰৱে সমস্ত পৰিবেশটো অনুধাৱন কৰিবলৈ চেষ্টা কৰিলোঁ। মায়াই পৈনত
হাতেৰে বঠা বাই উজাই গৈ থাকি ক’লে, ‘এনে দৰে নাও লৈ দি ভটিয়াই গৈ থাকো- কি পাম বাৰু? সাগৰ
পাম নে শেষত?
পৰিৱেশ পাতল কৰিবলৈ এনেই কৈ দিলো, ‘নিশ্চয় পাম সাগৰ – কিন্তু বঠা থাকিব নালাগিব।’
‘সচাঁকৈ। কিন্তু বঠা নহলে কেনেদৰে নাও চম্ভালিম? কন্ট্রল কৰিম কেনেকৈ?’
ক’ন্ট্রল কৰাৰ প্ৰৱণতাৰ পৰা মুক্ত হলেহে সাগৰ পাব পাৰি — সাগৰ সহজ নহয়।
বঠা নহ’লে চোন নাও যেনি-তেনি খুন্দা খাই কাৰোবাত ভাঙি থাকিব। তেনেদৰে আমিও হয়তো
হেৰাই যাম- সাগৰ নাপাম।’
‘সাগৰ যাত্ৰাত তেনে পৰিণতিৰ সমুখীন হোৱাতো অৱধাৰিত আৰু সেইটোৱে আছল মজা।’
‘কি মজা? ভাঙি যোৱাটো? হেৰাই যোৱাটো? নে সাগৰ গৈ নোপোৱাটো? কওক- কি মজা?’ মায়াৰ
কণ্ঠত মৃদু প্রতিবাদ।
‘চাবা -চাবা – সাৱধানে চলোৱা।’ মই সন্ত্রস্ত হৈ মায়াক চিঞৰি ক’লোঁ।
হঠাতে অহা এক ডাঙৰ সোঁতে নাওখন বাওঁফালে বেচিকৈ টানি গৈ গৈছিল। বাঁওফালে এটা সৰু
সূতি আছিল বাবে সেইফালে ঢৌৰ তীব্রতা অধিক। সেই ঢৌত গৈ পৰিবলৈ লাগিলে নাও কলৈ উটি যাব
তাৰ কোনো ঠিকনা নাথাকিব। মায়াই ক্ষণিকতে তাইৰ পৈনত হাতেৰে নাওখন স্থিৰ কৰি লবলৈ সক্ষম হ’ল।
ঢৌৰ বিপৰীতে যুজ দি মায়াই পূৰ্ণ শক্তিৰে নাও চলাই গ’ল। যিমানেই গৈছো যাত্রা যেন সিমানেই কঠিন হৈ
পৰিছে ক্ৰমশঃ। উজাই নাও চলাব লগা হোৱা বাবে দেহৰ সমস্ত প্ৰয়োগ কৰিব লগা হৈছিল মায়াই – তাই
ফোপোইছিল, দীর্ঘ উশাহ লৈছিল। মোৰ যিহেতু নাও চলোৱা অভিজ্ঞতা নাছিল সেয়ে বহি গৈ থকাৰ বাহিৰে
কোনো গত্যন্তৰ নাছিল। এনেদৰে কঠিন বাট নেওচি গৈ গেলি-পচি যোৱা অজান জীৱটো লাগি ধৰা
গছজোপা পালোঁ।
মৃত গছজোপাৰ বৃহৎ ডাল এটাৰ ফেৰেঙণিত জীৱটো বৰ বেয়াকৈ বন্দী হৈ পৰিছিল। ইপিনে পানীৰ
সোতৰ তীব্ৰতাত পাহাৰৰ পৰা নামি অহা গছ গছনি কিছুমান প্রাচীন বিলুপ্ত প্ৰায় জীৱৰ দৰে ভাঁহি গৈ আছিল।
পানীৰ ঢল কিমান ভয়াবহ হ’ব পাৰে ইয়াৰ পূৰ্বে ইমান কাষৰ পৰা প্ৰত্যক্ষ কৰা নাছিলোঁ। ডেডাউৰি জুৰি
শংকীত গৰু-ছাগলীৰ জাক এটা আমাৰ নিচেই কাষেৰে পাৰ হৈ ভাহি গৈ থাকিল। নাওখন বান্ধিবলৈ উপযুক্ত
স্থান নোপোৱাত মায়াই নাওখন পানীৰ মাজত বহু কষ্ট কৰি ভাৰসাম্য ধৰি ৰাখিব লগা হোৱাত তাইৰ কেঁচা
ঘাঁম আহি পানীত পৰিছিল। ঘাঁম-পানী-মাটি-বোকা সকলো একাকাৰ হৈ পৰিল।
মই সুযোগ বুজি গছৰ ঠানি এডালত খামোছ মাৰি ধৰি নাওখন কোনোমতে বান্ধি দিলোঁ। এতিয়া
সমস্যা হ’ল জন্তুটো লৈ। বিশালকায় জন্তুটোৰ মুৰৰ অংশটো নাই। কিন্তু মুৰটো কটাও যোৱা নাই- এনে
লাগিল যেন কাছৰ দৰে মুৰটো পেটৰ ভিতৰতে সোমাই আছে। মায়াক ক’লো, ‘কেনেধৰণৰ বস্তু এইটো
বহুত ভাৰি যেন লাগিছে- মৰা বস্তুৰ ওজন এনেয়ে বাঢ়ি যায়।’
‘যি হলেও ইয়াক মোকলাই সোনকালে ঘুৰি যাব লাগে আৰু পানীও বাঢ়ি আহিছে— বৰষুণো ডাঙৰ
হ’ল’। শংকীত কণ্ঠেৰে মায়াই ক’লে।
মই ভাহি যোৱা বাঁহ এডাল থাপ মাৰি ধৰি লৈ জীৱটোৰ ফুলি উঠা পেটতোত এটা খোচ মাৰি দিলোঁ।
বাঁহডাল জীৱটোৰ ভিতৰলৈ সোমাই গৈ এটা ছিদ্র সৃষ্টি হ’ল। সেই ছিদ্ৰটোৰে জীৱটোৰ পাকস্থলীৰ পৰা লেউ-
লেউ কৈ মাছ সাপ আৰু অসংখ্য জলজ জীৱ কিছুমান ওলাই আহিল আৰু পুণৰ পাকস্থলীৰ ভিতৰলৈ
সোমাই গ’ল। নানান জলজ জীৱৰ বাবে পচি যোৱা জন্তুটো পৰম খাদ্য হৈ পৰিছিল। তৎমুহূৰ্ততে দুৰ্গন্ধৰ
তীব্রতা অসহনীয় ভাৱে বৃদ্ধি পালে। দেখিলো এনেদৰে কাম নিসিজিৱ। মই নাওৰ পৰা পানীত জাপ মাৰি
দিলোঁ। মায়াই লগে লগে চিঞৰি উঠি ব্যগ্ৰ হৈ ক’লে, ‘আৰে আৰে কি কৰিছে। পানীত এনেদৰে নানানিব—
ইমান ভয়লগা পৰিস্থিতি। উঠি আহক এতিয়াই।
মই মায়াৰ কথা একো শুনা নাছিলোঁ। মুক্তি লাগে মোক। অসহ্য এই যাতনাৰ পৰা পৰিত্ৰাণ লাগে । মই
সাঁতোৰ মাৰি গৈ ডাঙৰ ডাল এডাল খামোচ্মাৰি ধৰিলো যদিও আকর্ণ ডুব গলোঁ। নিজকে কোনোমতে সুস্থিৰ
কৰি দেহৰ সমস্ত শক্তিৰে জোৰ লগাই জীৱটো লৰাবলৈ চেষ্টা কৰিলোঁ। আৰু সঁচা সঁচিকৈ জীৱটো কঁপি উঠিল
এবাৰ। এহাতেৰে বাঁহডাল আৰু দুই ভৰিৰে সমানে জোৰ দি জীৱটো ঠেলি পঠিয়াবলৈ অপ্ৰাণ চেষ্টা কৰি
থাকিলোঁ। ঠিক তেতিয়াই অহা পানীৰ তীব্ৰ ঢল এটাই জীৱটো গছডালৰ পৰা লাহে লাহে উটুৱাই লৈ যাবলৈ
ধৰিলে। সফলতাৰ আনন্দত চিঞৰি দিলো মই। মন্থৰ গতীৰে ভাহি গৈ থকা জীৱটোলৈ কিছুপৰ অপলক চাই
ৰ’লো। এই দোভাগ নিশা বৰষুণ আৰু ঢেৰেকণিৰ মাজৰ নিজকে আদিম মানৱ যেন লাগি মোৰ।
মুখত মাৰি লোৱা গামোছাখন কেতিয়ানো খুলি পানীত বৈ গ’ল গম নাপালোঁ। পচা জীৱটো যদিও
ভাহি গ’ল তথাপি তাৰ দুৰ্গন্ধ এতিয়াও উগ্ৰভাৱে বিয়পি আছিল। তথাপি এটা শান্তনা যে দুৰ্গন্ধৰ উৎসটো
অন্তত : ইয়াৰ পৰা আতৰাই পঠিয়াবলৈ সক্ষম হ’লোঁ।
পানীত ডুব এটা মাৰি নাওত উঠি বহিলো। মায়াই নাওৰ বঠা জুৰিলে। এইবাৰ ভটিয়াই ঘৰৰ পিনে
যাব লগা হোৱা বাবে বিশেষ কষ্ট হোৱা নাছিল মায়াৰ। মায়াই ক’লে, জানিছোঁ বহুত ভাগৰ লাগিছে আপোনাৰ,
আজি বহুত কষ্ট হ’ল আমাৰ বাবে। কেনেদৰে কি হৈ গ’ল বুজিয়ে নাপালোঁ একো। আপুনি নথকা হেতেন….।’
আবেগপূর্ণ মায়াৰ কণ্ঠস্বৰ।
মোৰ নিজৰো বিশ্বাস হোৱা নাছিল হৈ যোৱা ঘটনা প্রবাহ। ভাগৰ লাগিছিল সঁচাকৈ। তথাপি ভাগৰ
লগা বুলি স্বীকাৰ নকৰি ক’লো, ‘নাই- নাই- ভাগৰ আৰু কি- নাও চলোৱা আছল কামটো তুমিয়ে
কৰিলা। আজীৱন মনত থাকিব এই নিশাটোৰ কথা।’
ঠিক কৈছে- ময়ো নাপাহৰো কেতিয়াও । শুনক না যদি ভাগৰ লগা নাই সাগৰলৈ যাওগৈ বোলক।’
তাইৰ ধেমালি মিশ্রিত হাঁহিৰে ক’লে।
পানীত।’
ক’লো, ‘বোলা যাও সাগৰলৈ।’
‘সচাঁকৈ?’
সচাঁকৈ।
আপুনি যৈ কৈছিল বঠা নহলেহে সাগৰলৈ যাব পাৰি- তেনেহলে চাওক, এইয়া বঠা দলিয়াই দিলোঁ
মায়াৰ এই আকস্মিক কাৰ্য্যত বিমোৰ হৈ পৰিলোঁ মই। তাই সঁচাকৈ বঠাডাল পানীলৈ দলিয়াই
দিলে। বঠাডাল ক্ষণিকতে পানীত ডুব গ’ল। বঠাহীন নাওখন দিশহাৰা হৈ যেনি-তেনি বৈ যাবলৈ ধৰিলে।
এবাৰ চাকনৈয়াত পৰি নাওখন কিছুপৰ ভৱচক্ৰ ঘূৰাদি ঘূৰি থাকিল। হঠাৎ জীৱটোৰ পচা গোন্ধটো আহি
নাকত লাগিল। এনেদৰে ঘূৰি থাকোতে বৃহৎ কাঠৰ মুৰা এটা ভাহি আহি নাওখনৰ এটা চুকত খুন্দা মাৰিলে।
সেই খুন্দাত সৃষ্টি হোৱা চিদ্ৰ এটাৰে নাওখনৰ ভিতৰলৈ পানী সোমাব ধৰিলে। ইফালে বতাহৰ বেগ বৃদ্ধি
পাইছিল ক্রমশঃ। আতংকত চিঞৰি ক’লোঁ, এয়া কি কৰিছা? মই বঠা নোহোৱা কথাটো জ’ক কৰি এনেই
কৈছিলোঁ। তুমি সঁচা বুলি কিয় ভাবি ল’লা?
‘না— না- মই জ’ক-চ’ক একো নুবুজো- সাগৰ যামেই।’
‘কিন্তু এনেদৰে সাগৰ পোৱা নাযাব- বৰঞ্চ জীৱনটোহে যাব। জীৱনটো জ’ক্ নহয়। মই সাগৰ নাযাও
মাৰ কথা চিন্তা কৰা এবাৰ।’ মায়াক যৎপৰিনস্তি বুজাবলৈ চেষ্টা অব্যাহত ৰাখিলোঁ ।
অন্তত
পানীত ভাহি অহা বাঁহ-বেট কিবা পাওনেকি তাৰে সন্ধান কৰিলোঁ। বিপদৰ সময়ত কুটা এডালো
কিমান মুল্যবান হৈ পৰে আজি উপলদ্ধি কৰিলোঁ। বাঁহ এডোখৰ পাই গ’লে বঠাৰ বিকল্প হিচাপে ব্যৱহাৰ কৰিব
পৰা যাব অন্ততঃ।
‘কোনে কাৰ কথা চিন্তা কৰে এই দুনিয়াত- মায়ে নিজৰ যতন নিজে লব- তেওঁ যেতিয়া গম পাব
যে মই সাগৰ পাই গ’লো – তেতিয়া তেওঁ ভালহে পাব- মাৰ নিজৰো সাগৰ যোৱাৰ বহুত ইচ্ছা আছিল।’
মায়াই এক প্ৰকাৰ চিঞৰি কোৱাদি ক’লে।
‘তুমিতো সাগৰ পাবা— মোৰ কি হ’ব?’
‘সাগৰত যি হ’ব লগা আছে সেয়াই হ’ব আৰু…..।’
মই শেষবাৰৰ বাবে তাইক বুজাবলৈ চেষ্টা কৰি ক’লো, এই পানীখিনি যে দেখিছা – যাৰ ওপৰেৰে
আমি ভাহি গৈ আছো- এই পানীখিনি প্রকৃততে সাগৰৰ সতে কেনেবাকৈ সংযুক্ত হৈ আছে— গতিকে আমি
সাগৰ নগলেও সাগৰত যোৱাৰ দৰেই – এতিয়া দুইজনে হাতেৰে যিমান পাৰি নাওখন চম্ভালি লৈ ঘৰৰ পিনে
লৈ যাও ব’লা – তুমি জনা-বুজা মানুহ।’
মায়াৰ পৰা কোনো ধৰণৰ সহাৰি নাপাই মই নিজেই হাতেৰে যিমান পাৰী নাওখন চম্ভালি লবলৈ চেষ্টা
কৰিলোঁ। এই দুৰবস্থাৰ বাবে নিজকে ধিক্কাৰ দিলোঁ। আনপিনে মায়াই নিৰুদ্বেগ চিত্তে বহি মোৰ কাণ্ডকাৰখানা
চাই আছিল। তাই একোবাৰ মিচমিচকৈ হঁহা যেনো লাগিল। এয়া কি হঁহাৰ ক্ষণ? ইতিমধ্যে নাওখন ভাহি গৈ
মায়াৰ ঘৰটো পাৰ হৈ গুছি গ’ল। মই ক্রোধান্বিত হৈ ক’লো, ‘চোৱা তোমালোকৰ ঘৰ পাৰ হৈ আহিলোঁ- মই
আৰু এইবোৰ সহ্য নকৰো – তুমি যোৱা সাগৰলৈ – মই জাপ দিম এতিয়া।
মোৰ কথাত মায়াই কোনো প্রতিক্রিয়া প্রকাশ নকৰিলে। অৱশেষত পানীত জাপ দিম বুলি সাজুহৈও
শেষ মুহূৰ্তত ৰৈ দিলোঁ। মায়াক এৰি এনেদৰে পানীত জাপ দিবলৈ আত্মাই অনুমতি নিদিলে। শেষত ভাবিলোঁ
শান্ত হ’বলৈ চেষ্টা কৰি মইয়ো বহি থাকিলোঁ। এনেদৰে নীৰৱে ভাহি গৈ থাকিলো
একোৱে আৰু নকও
কিছুপৰ । সময় অতিবাহিত হোৱাৰ লগে লগে মোৰ নিজৰো সমগ্ৰ ঘটনাটো কিবা আলৌকিক পৰিঘটনা যেন
লাগিল আৰু মই উপভোগ কৰিবলৈ চেষ্টা কৰিলো বৰ্তমানৰ প্ৰতিটো ক্ষণ।
অথনি নাওত হোৱা বিন্ধাটোৰ অহৰহ পানী সোমাই নাওৰ ভিতৰখন এক চৰ্তৃতাংশ পানীৰে ভৰি
পৰিল। মই পানী সোমোৱা দৃশ্যটো চাই থাকিলোঁ। গেলা-পচা গোন্ধটো এতিয়া আৰু নাই – হয়তো জীৱটো
উটি গৈ দূৰ পালেগৈ। বৰঞ্চ এক অজান সুবাস আহি নাকত লাগিল। সতেজ ফুলৰ সুবাস, দেখিলো কিবা
অজান ৰঙচুৱা ফুলৰ ঠানি কিছুমান ঢৌৱে ঢৌৱে ভাহি আহিব ধৰিছে। হয়, এইফুলৰ সুবাসে চৌপাশ মলমলাই
তুলিলে। হঠাতে পোৱা ফুলৰ সুবাস পাই ভাবিলোঁ, মই যি কাৰণে মই – মই হোৱাৰ এই সমস্ত ভাঢ়
ইমানদিনে কঢ়িয়াই লৈ ফুৰিছিলো- তাক বিসর্জন দিলো এই পানীতেই। পানীয়েই পৰম- মন পানীময় হৈ
পৰিল – যি হয় দেখা যাব। মায়াৰ লগত বঠাহীন নাওত এনেদৰে ভাহি গৈ থাকিম অনন্ত। এনেদৰে সচাঁকৈ
গৈ গৈ যদি এদিন সাগৰ পাই যাও – কি লোকচান…….?
যি
নীৰৱে শান্ত হৈ বহি থাকিলে যে, নাও যে ভাহি গৈ আছে চিন্তা কৰিছেনে কথাটো? পানীও সোমাইছে
নাওঁত, মায়াই এচলু পানী মোৰ গালৈ চটিয়াই দি ক’লে।
শান্ত স্বৰত ক’লো, ‘সমস্ত চিন্তা বৰ্জন কৰিছোঁ —। কোনো দুৰ্ভাৱনা নাই আৰু, নাই কোনো বাসনা
এনেদৰে গৈ থাকিম সাগৰলৈ।’
মায়াই নিমিষেক মোলৈ চাই থাকি ক’লে, ‘কি ক’লে – গৈ থাকিব এনেদৰে-না-না-মই নাযাও দেই।
ধেমালি বহুত হ’ল আৰু – এতিয়া ঘুৰি যোৱাৰ সময়। আপুনি সৌ ম’গটোৰে পানী সিঁচক এতিয়া।
কথাষাৰ কৈ মায়াই নাওখনৰ এক গুপ্তস্থানৰ পৰা অন্য এডাল বঠা উলিয়াই লৈ, তাইৰ ঘৰৰ দিশে
নাওখন ঘূৰাই ললে ….।

